পোৱা নোপোৱাৰ দোমোজাত আমিবোৰ----
#আৱৰ্তন
আকৌ নৈৰ পাৰলৈ নাযাও বুজিছা,
কিমাননো কৰিম আৰু
মৰা মেটেকাৰ শিপা খামোচাৰ
ব্যৰ্থ চেষ্টা?
কাইলৈৰ পৰা পাৰে পাৰেই
খোজ ল'ম
খোজ থলে কিজানি
মৰুভূমিও পাৰ হ'ব।
এদিনলৈ হয়তো ভাগৰি পৰিম
তেতিয়া সপোন এটা সাবটি ল'ম বুকুত
সৰাপাতে দুভৰিত কূটকূটুৱাৰ।
শীতৰ প্ৰথমটো পুৱাত
সৰাপাতৰ সমদলে চুই চাব মোক
অথচ ভাল নালাগিব
প্ৰত্যাশিত আদিমতা;
আইৰ সেউজীয়া চাদৰখনলৈ
খুউব মনত পৰিব সেইদিনা
চকু মুখ ঢাকি লৰ মাৰিম
পথাৰখনৰ সীমনা বিচাৰি
ক'তা? চাৰিওফালেচোন
ৰিক্ততাৰ পৰিহাস
তুমি নৰাবোৰ ফালি দেখুৱাই
ক'বা-"এয়াচোৱা সৰু সৰু সেউজীয়া"
তাৰ পাছত?
সেউজীয়া বুটাবোৰেওটো
আমুৱাব এদিন!
পৃথিবীৰ সকলো শিমলুৰ ৰঙেৰে
ৰঙা হ'ম মই
কেইদিনমান কমুৱা খেদিম
পাছদিনা বাটৰুৱাক সুধিম
এই নদীৰ এটা সুঁতি বয় নেকি সেইফালে;
বহুদিন ভৰি তিওৱা নহ'বযে-
সেইবাবে।
--ভাৰ্গৱী নাথ