Sunday, 23 May 2021

আৱৰ্তন

 পোৱা নোপোৱাৰ দোমোজাত আমিবোৰ----


#আৱৰ্তন


আকৌ নৈৰ পাৰলৈ নাযাও বুজিছা, 

কিমাননো কৰিম আৰু

মৰা মেটেকাৰ শিপা খামোচাৰ

ব্যৰ্থ চেষ্টা? 


কাইলৈৰ পৰা পাৰে পাৰেই

খোজ ল'ম

খোজ থলে কিজানি

মৰুভূমিও পাৰ হ'ব।

এদিনলৈ হয়তো ভাগৰি পৰিম

তেতিয়া সপোন এটা সাবটি ল'ম বুকুত

সৰাপাতে দুভৰিত কূটকূটুৱাৰ।


শীতৰ প্ৰথমটো পুৱাত

সৰাপাতৰ সমদলে চুই চাব মোক

অথচ ভাল নালাগিব 

প্ৰত্যাশিত আদিমতা;

আইৰ সেউজীয়া চাদৰখনলৈ

খুউব মনত পৰিব সেইদিনা

চকু মুখ ঢাকি লৰ মাৰিম

পথাৰখনৰ সীমনা বিচাৰি

ক'তা? চাৰিওফালেচোন

ৰিক্ততাৰ পৰিহাস

তুমি নৰাবোৰ ফালি দেখুৱাই

ক'বা-"এয়াচোৱা সৰু সৰু সেউজীয়া"

তাৰ পাছত? 

সেউজীয়া বুটাবোৰেওটো

আমুৱাব এদিন! 

পৃথিবীৰ সকলো শিমলুৰ ৰঙেৰে 

ৰঙা হ'ম মই

কেইদিনমান কমুৱা খেদিম

পাছদিনা বাটৰুৱাক সুধিম

এই নদীৰ এটা সুঁতি বয় নেকি সেইফালে;

বহুদিন ভৰি তিওৱা নহ'বযে-

সেইবাবে। 


--ভাৰ্গৱী নাথ

29 comments:

  1. সুন্দৰ!👍 বহুত ভাল লাগিল পঢ়ি।

    ReplyDelete
    Replies
    1. আন্তৰিক ধন্যবাদ🌸

      Delete
  2. ভাল লাগিল🌸❣️

    ReplyDelete
    Replies
    1. আন্তৰিক ধন্যবাদ জনালোঁ।

      Delete
  3. পোৱা নোহোৱা দুখ সুখৰ সংযোগতেই এই জীৱন গঢ়ি উঠে ..... । কিন্তু আমি জীৱনৰ বাটত ৰৈ দিব নালাগে, তেতিয়াই জীয়াই থকাৰ আচল মাদকতা বিচাৰি পোৱা যায় । অতি সুন্দৰ লিখনি ❤❤

    ReplyDelete
  4. Vl hoise , keep it up 👍

    ReplyDelete
  5. Val lagile.. Likhi jua👍

    ReplyDelete
  6. Mona Tumi 🔥🔥... Mojaa 🌸🌸

    ReplyDelete
  7. Hundor likhisa 😊... Aguai jua aru👍🏻

    ReplyDelete
  8. সাবলীল অথচ সুন্দৰ , লিখি যোৱা

    ReplyDelete

Folk Culture And Lifestyle Of Mising Community

       Abiding in the locale of Majuli, Dhemaji , Lakhimpur , Sonitpur , Tinsukia , Dibrugarh, Sibsagar , Jorhat and Golaghat of the Assam s...